Prehistoric Assam

Prehistoric Assam : First People in Assam

Prehistoric Assam : First People in Assam

অসমৰ প্ৰথম মানৱ গোষ্ঠী

Prehistoric Assam: কেতিয়াবা আমাৰ মনত এইটো প্ৰশ্ন আহেনে যে আমি এতিয়া য’ত আছো সেই ঠাইখিনিত আজিৰ পৰা ১০০ বছৰ আগত কি আছিল ? ১০০০ বছৰ মান আগত কি আছিল ? বা এই ঠাইখিনিত প্ৰথমে কোন মানুহে বাস কৰিছিল? এইটো এটা বহুত ৰোমাঞ্চিত কৰি তোলা প্ৰশ্ন । যেতিয়া ইতিহাসবিদ সকলে বিভিন্ন সমলৰ ওপৰত অধ্যয়ন কৰিছিল তেতিয়া গম পাইছিল যে আমাৰ অসমৰ প্ৰথমটো মানৱ গোষ্ঠী আহিছিল দক্ষিণ পূৱ এছিয়াৰ প্ৰশান্ত মহাসাগৰৰ দ্বীপ সমুহৰ পৰা । এও লোকক কোৱা হয় অষ্ট্ৰ’ এছিয়াটিক (Austro Asiatic । আজিৰ পৰা প্ৰায় ২ লাখ মান বছৰ আগত পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল ক্ৰমবিকাশৰ ফলস্বৰূপে । অনুমান কৰা হয় যে আফ্ৰিকা মহাদেশত প্ৰথম মানুহৰ সৃষ্টি হৈছিল । কালক্ৰমনত খাদ্য বাসস্থান আদিৰ সুবিধাৰ্থে মানুহে এখন ঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছিল আৰু পৃথিৱীৰ বিভিন্ন অঞ্চললৈ বিয়পি কৰিছিল । তেনেকৈয়ে প্ৰব্ৰজনৰ পৰাই হয়টো এছিয়াৰ দক্ষিণ পূব অঞ্চলৰ পৰা কোনো এক মানৱ গোষ্ঠী আমাৰ অসমলৈ আহিছিল । অসমত পোৱা প্ৰাগ ঐতিহাসিক সময়ৰ অস্ত্ৰ শস্ত্ৰ সমুহৰ লগত দক্ষিণ পূৱ এছিয়াৰ সেই অঞ্চল সমুহৰ প্ৰাগ ঐতিহাসিক যুগৰ অস্ত্ৰ শস্ত্ৰ বা সা সজুলিৰ মিল আছে । তাৰ পৰাই এই কথা অনুমান কৰিব পৰা যায় যে অসমৰ আদিম মানৱগোষ্ঠী দক্ষিণ পূৱ এছিয়াৰ পৰা অহা । বৰ্তমান মেঘালয়ত বাস কৰা খাছি জনজাতীয় লোক সকল এই অষ্ট্ৰ’ এছিয়াটিক (Austro Asiatic) মানৱ গোষ্ঠীৰেই লোক ।

অসমৰ দানৱ বংশ

যি সময়ত অষ্ট্ৰ’ এছিয়াটিক লোক সকল অসমৰ সমতল ভূমিত বসবাস কৰি আছিল সেই তেনেকুৱা এক সময়তেই চীন দেশৰ ফালৰ পৰা মংগোলীয় মূলৰ মানব গোষ্ঠীৰ লোক অসমলৈ আহিছিল । এই দুই মানৱ গোটৰ মাজত হয়টো খাদ্য বা বাসস্থান বা অন্য কিবা কাৰণত সংঘাত আৰম্ভ হৈছিল ।মংগোলীয় খিনি তুলনামূলক ভাৱে বেছি শক্তিশালী আছিল, ফল স্বৰূপে অষ্ট্ৰ’ এছিয়াটিক লোক সকল সমতল ভূমি এৰি মেঘালয়ৰ পাহাৰৰ পিনে গুছি গৈছিল । এই মংগোলীয় লোক সকলৰ পৰাই অসমত দানৱ বংশৰ আৰম্ভনি হৈছিল । আমি যেতিয়াই কোনো এক ঠাইৰ ইতিহাসৰ কথা আলোচনা কৰো বিভিন্ন শিলালিপি, তাম্ৰলিপি বা সেই সময়ৰ কিবা লিখিত পুথি বা বিভিন্ন ভ্ৰমণকাৰীৰ লিখনী বোৰেই আমাৰ প্ৰধান সমল । কিন্তু এই মংগোলীয় বা অষ্ট্ৰ’ এছিয়াটিক লোক সকলৰ সময়ৰ কোনো লিখিত সমল উদ্ধাৰ হোৱা নাই । মানুহৰ মুখে মুখে চলি অহা পৌৰাণিক কাহিনী বা মহাভাৰতৰ দৰে মহাকাব্যত উল্লেখ থকা কাহিনীয়েই অসমৰ প্ৰাগ ঐতিহাসিক সময়ৰ ইতিহাসৰ মূল সমল । সেই সময়ত অসমত ৰচিত দুখন গ্ৰন্থ হ’ল কালীকা পূৰাণ আৰু যোগিনী তন্ত্ৰ । এই দুখন পুথিতেই দানৱ বংশৰ কথা উল্লেখ পোৱা যায় ।

Prehistoric Assam : দানৱ বংশৰ প্ৰতিস্থাপক আছিল মহিৰংগ দানৱ । গতিকে আমি কব পাৰো যে আমাৰ অসমৰ প্ৰথম জন ৰজা আছিল মহিৰংগ দানৱ । মহিৰংগ শব্দটো আহিছে মাইৰং শব্দৰ পৰা । এই মাইৰং ৰেই সংস্কৃতকৃত নাম হ’ল মহিৰংগ । গুৱাহাটী শ্বিলং পথত মাইৰং বুলি এখন পাহাৰ আছে আৰু দানৱ বংশৰ ৰজা মহিৰংগ দানৱৰ পৰাই এই পাহাৰৰ নাম মাইৰং হৈছিল বুলি অনুমান কৰিব পৰা যায় । দানৱ বংশৰ লোক সকলে তিবেটো বাৰ্মিছ ভাষা ব্যবহাৰ কৰিছিল । দানৱ বংশকেই কিৰাট বংশ বুলিও কোৱা হয় আৰু এই কিৰাট শব্দৰ অৰ্থ হ’ল অনাৰ্য্য সকল । দানৱ সকলৰ মুঠ ৫ জন ৰজাৰ কথা উল্লেখ আছে । তেওঁলোক ক্ৰম অনুসৰি মাহিৰংগ দানৱ, হতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু শেষৰ জন ৰজা আছিল ঘটকাসুৰ । এই ঘটকাসুৰক কিৰাটৰ মুৰব্বী বুলি কোৱা হৈছিল । সেই সময়ত আমাৰ অসমৰ নাম আছিল প্ৰাগজ্যোতিষ ।

অসমৰ অসুৰ বা ভৌম বংশ

দানৱ বংশৰ শেষৰ জন ৰজা ঘটকাসুৰক বধ কৰি নৰকাসুৰে অসমত প্ৰতিস্থা কৰিছিল অসুৰ বংশৰ । বৰ্তমানৰ গুৱাহাটীৰ ওচৰত তেওঁলোকৰ ৰাজধানী খন আছিল আৰু নাম আছিল প্ৰাগজ্যোতিষপুৰ । যাৰ অৰ্থ হ’ল পুৱ দিশৰ জ্যোতিষ চৰ্চাৰ চহৰ । আচলতে সেই সময়ৰ প্ৰাগজ্যোতিষ বা বৰ্তমানৰ আমাৰ অসম হয়টো জ্যোতিষ চৰ্চাৰ ক্ষেত্ৰত এক উল্লেখনিয় ঠাই আছিল । ভাগৱত পূৰাণত উল্লেখ থকা মতে নৰকাসুৰ আছিল বিষ্ণুৰ তৃতীয় অৱতাৰ বৰাহ আৰু ভূমি বা ভূ দেৱীৰ অসুৰ সন্তান । বিহাৰৰ ওচৰৰ বিদেহ ৰাজ্যৰ ৰজা জনকে নৰকাসুৰক ডাঙৰ দীঘল কৰিছিল । নৰকাসুৰেই অসমত হিন্দু ধৰ্মৰ আৰম্ভনী কৰিছিল । বিদৰ্ভৰ ৰাজকুমাৰী মায়াক নৰকাসুৰে বিয়া কৰাইছিল । নৰকাসুৰৰ নাম আমি অসমৰ বহুত পৌৰাণিক কাহিনীত পাও ।

কোৱা হয় যে নৰকাসুৰ দেৱী কামাখ্যাৰ এজন ভক্ত আছিল আৰু এবাৰ দেৱীৰ ৰূপত মোহিত হৈ নৰকাসুৰে কামাখ্যা দেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল । নৰকাসুৰ এজন বহুত পৰাক্ৰমী আৰু নিষ্ঠুৰ ৰজা আছিল । তেওঁৰ নিষ্ঠুৰতাৰ পৰা প্ৰজাক বছাবলৈ ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল । তেওঁৰ সেনাপতিৰ নাম আছিল মুৰা আৰু নৰকাসুৰৰ লগত হোৱা যুদ্ধত ভগৱাক শ্ৰীকৃষ্ণই মুৰাক বধ কৰিছিল । সেই বাবেই শ্ৰীকৃষ্ণৰ আন এটা নাম মুৰাৰি । নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত । তেওঁৰ কথা মহাভাৰতৰ যুদ্ধত উল্লেখ পোৱা যায় । ভগদত্তৰ জীয়েক আছিল ভানুমতী । আৰু ভানুমতীক বিয়া কৰাইছিল কৌৰৱৰ ৰাজকুমাৰ দুৰ্যোধনে । বৰ্তমানৰ গুৱাহাটীৰ দীঘলী পুখুৰী ভানুমতীৰ সয়ম্বৰৰ সময়তেই খন্দোৱা হৈছিল । মহাভাৰতৰ যুদ্ধত ভগদত্তই কিৰাট আৰু চীন দেশৰ পৰা ডাঙৰ সৈন্যৰ দল এটা লৈ গৈ পান্ডবৰ বিৰুদ্ধে প্ৰবল পৰাক্ৰমেৰে যুদ্ধ কৰিছিল । ভগদত্ত এজন প্ৰতাপী যোদ্ধা আছিল । হাতীৰ পিঠিত উঠি যুদ্ধ কৰাত পাকৈত আছিল তেওঁ । তেওঁৰ হাতীটোৰ নাম আছিল সুপ্ৰতিক । বহুত পৰাক্ৰমেৰে যুদ্ধ কৰাৰ পিছত অৰ্জুনে ভগদত্ত আৰু তেওঁৰ হাতী সুপ্ৰতিকক বধ কৰিছিল । ভগদত্তৰ পিছত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল পুষ্পদত্ত আৰু তেওঁৰ পিছত ৰজা হৈছিল বজ্ৰদত্ত । বজ্ৰদত্তই আছিল অসুৰ বংশৰ শেষৰ জন ৰজা । বজ্ৰদত্তৰ কথা উল্লেখ পোৱা যায় মহাভাৰতৰ যুদ্ধৰ পিছৰ অশ্বমেধ যজ্ঞৰ কথাত । অশ্বমেধ যজ্ঞৰ ঘোৰাটোক বাধা দিছিল বজ্ৰদত্তই আৰু তাৰ পিছত এখন ৰণ হৈছিল অৰ্জুন আৰু বজ্ৰদত্তৰ মাজত । আৰু অৰ্জুনে বজ্ৰদত্তক বধ কৰিছিল ।

নৰকাসুৰৰ সমসাময়িক ৰজা

যি সময়ত নৰকাসুৰে গুৱাহাটীৰ ওচৰত শাসন কৰি আছিল সেই সময়ত তেজপুৰত বানাসুৰ আৰু শদিয়াৰ ওচৰৰ কুন্দিল নগৰত ভীষ্মক ৰজাই শাসন কৰি আছিল । শ্ৰী কৃষ্ণৰ পত্নী ৰুক্মিনী এই ভীষ্মক ৰজাৰেই জীয়ৰী আছিল । শ্ৰী কৃষ্ণ আৰু ৰুক্মিনীৰ ওপৰত এক আখ্যান আছে ৰুক্মিনী হৰন । আকৌ বান ৰজাৰ কথা আমি উল্লেখ পাও উষা অনিৰুদ্ধ ৰ কাহিনীত । শ্ৰী কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধক বান ৰজাৰ জীয়েক উষাই বিয়া কৰাব বিছাৰিছিল আৰু সেই মৰ্মেই উষাৰ বান্ধবী চিত্ৰলেখাই অনিৰুদ্ধক হৰণ কৰি আনিছিল । বানৰজা আছিল এক পৰম শিৱ ভক্ত । বান ৰজা এই বিবাহৰ বিৰুদ্ধে আছিল । যাৰ ফলত শ্ৰী কৃষ্ণৰ লগত এখন যুদ্ধ হৈছিল বানৰজাৰ আৰু বান ৰজাৰ হৈ যুদ্ধ কৰিছিলহি মহাদেৱে । এই যুদ্ধ খনকে বিখ্যাত হৰি-হৰৰ ৰণ বুলি কোৱা হয় । তেজপুৰৰ অগ্নিগড় বান ৰজাই জিয়েক উষাৰ সুৰক্ষাৰ বাবে বনাইছিল । তাৰোপৰি মহাভৈৰৱ মন্দিৰ, ৰুদ্ৰপদ মন্দিৰ বান ৰজাই নিৰ্মান কৰিছিল ।

Some Important Questions on Prehistoric Assam

প্ৰাচীন কালত অসম কি নামেৰে জনা গৈছিল?

a.  প্ৰাগজ্যোতিষ

b.  কলিয়াবৰ

c. গুৱাহাটী

d. চৰাইদেউ

তলৰ কোনটো গ্ৰন্থক অসমৰ প্ৰাগঐতিহাসিক যুগৰ প্ৰাথমিক উৎস বুলি গণ্য কৰা হয়?

a. হৰ্ষচৰিত

b. কালিকা পুৰাণ

c. মহাভাৰত

d. অৰ্থশাস্ত্ৰ

প্ৰাগজ্যোতিষপুৰৰ আদিম ৰজা কোন আছিল

a. বানাসুৰ

b. ভাষকৰ বৰ্মান

c. নৰকাসুৰ

d. মহিৰংগ দানৱ

সংস্কৃতকৃত নাম “মাইৰং”ৰ উৎপত্তি কোন ভৌগোলিক অৱস্থানৰ পৰা হৈছিল

a. নীলাচল

b. চিত্ৰাচল

c. মাইৰং

d. পাটকাই

Download the Complete PDF on Prehistoric Assam from Here

Click Here for the Previous Year’s APSC Question Paper

Moreover, your support has been invaluable to us. We are grateful for your continued support…

Follow us on

Our official Facebook Page

Our Official Instagram ID

Subscribe to our YouTube Channel  

Share this

Leave a Reply

Your email address will not be published. Required fields are marked *