পথৰুঘাটৰ ৰণ আৰু নামনি অসমৰ কৃষক বিদ্ৰোহ (Patharughat Peasant Uprising )
১৮৫৭ চনৰ কথা আছিল। সমগ্ৰ ভাৰত জুৰি হোৱা চিপাহী বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অবস্থা শোচনীয় কৰি পেলাইছিল। বিদ্ৰোহ দমনৰ নামত ব্ৰিটিছ চৰকাৰে বহুত ধনৰ খৰচ কৰিব লগা হৈছিল। সেয়া এই বিদ্ৰোহৰ পিছত ব্ৰিটিছ সকলৰ প্ৰধান উদ্দেশ্য আছিল নিজৰ অৰ্থনৈতিক অবস্থা সুস্থিৰ কৰা। আৰু ইয়াৰ পৰিণাম ভুগিব লগা হৈছিল সৰ্বসাধাৰণ ৰাইজে। আয়কৰ আৰু মাটিৰ খাজানা বহু আগৰে পৰাই অসমৰ ৰাইজে ভৰি আছিল, কিন্তু বিদ্ৰোহৰ পিছত হাবিৰ কাঠ-বাঁহ ব্যৱহাৰ কৰা, মাছ মৰা, চৰণীয়া পথাৰত গৰু-মহ চৰোৱা আদি কাৰ্য্য পৰ্যন্ততো ব্ৰিটিছ চৰকাৰে সাধাৰণ ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰিবলৈ ধৰিলে। প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, আনকি দুৰ্ভিক্ষৰ সময়তো সাধাৰণ প্ৰজাক কৰৰ পৰা ৰেহাই দিয়া নাছিল। দুখীয়া দৰিদ্ৰ ৰাইজৰ এনেকুৱাও অৱস্থা হৈছিল যে কোনো কোনো ঠাইত কৰ সোধাব নোৱাৰি নিজৰ ল’ৰা-ছোৱালীকো বিক্ৰী কৰিব লগাত পৰিছিল মাত্ৰ কেইটামান টকাৰ বাবে। লাহে লাহে সাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট হৈ পৰিছিল… যাৰ ফলস্বৰূপে অসমত উনবিংশ শতিকাৰ মাজভাগত এটা নতুন বিদ্ৰোহৰ আৰম্ভণি হৈছিল… কৃষক বিদ্ৰোহ …
Watch Video on Patharughat Peasant Uprising : Click Here
কৃষক বিদ্ৰোহ আৰু ৰাইজমেল
অসমত হোৱা এই কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব দিছিল ৰাইজমেলসমূহে। ৰাইজমেল কোনো ৰাজনৈতিক সংগঠন নাছিল। এই ৰাইজমেলসমূহ গাঁওবুঢ়া, নামঘৰীয়া আদি সমাজৰ মুখিয়াল লোকসকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল। জাতি-ধৰ্ম আদি একোৰে ভাগ-বতৰা নাছিল এই ৰাইজমেলসমূহত। সকলোৱে এই মেলত অংশগ্ৰহণ কৰিব পাৰিছিল। গাম্য জীৱনৰ নানা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাইজমেলসমূহ ওতঃপ্ৰোতভাৱে জড়িত আছিল। ব্ৰিটিছ চৰকাৰৰ শোষণমূলক নীতিৰ বিৰুদ্ধে সাধাৰণ ৰাইজক এই ৰাইজমেলসমূহেই জাগ্ৰত কৰি তুলিছিল। ব্ৰিটিছৰ শোষণৰ পৰিণতিতেই ১৮৬১ চনত কৃষক ৰাইজে কৰা অসমৰ প্ৰথমটো বিদ্ৰোহ আছিল ফুলগুৰি ধাওৱা। এই ফুলগুৰি ধাওৱা বা বিদ্ৰোহৰ এটা উল্লেখযোগ্য কথা আছিল যে অসমৰ সাধাৰণ শ্ৰেণীৰ লোকে এই বিদ্ৰোহ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত কেৱল আহোম ৰাজতন্ত্ৰৰ অধীনৰ কিছুমান আভিজাত শ্ৰেণীৰ লোকেহে অংশগ্ৰহণ কৰিছিল… সাধাৰণ জনতাৰ এই বিদ্ৰোহত যোগদান কম আছিল… কিন্তু অসমৰ কৃষক বিদ্ৰোহত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো সৰ্বসাধাৰণ লোকেই নামি পৰিছিল। কিন্তু ফুলগুৰি বিদ্ৰোহৰ পিছতো ইংৰাজ চৰকাৰে ৰাইজৰ দুখ-দুৰ্দশা দূৰ কৰিবলৈ একোৱে নকৰিলে… বৰঞ্চ মাটিৰ খাজানা আৰু বৃদ্ধিহে কৰিলে।
নামনি অসমৰ কৃষক বিদ্ৰোহ
ইংৰাজ চৰকাৰে বহু নিৰ্দয়ভাৱে ফুলগুৰি বিদ্ৰোহ দমন কৰিছিল। ইংৰাজ বগা চাহাবসকলে ভাবিছিল যে অসমৰ ৰাইজে আকৌ বিদ্ৰোহ কৰিবলৈ সাহস নকৰিব। আৰু সেয়া তেওঁলোকে পুনৰ খাজনা বঢ়াই গৈ আছিল। ১৮৬৭-৬৮ চনত পুনৰ খাজনা দুগুণে বঢ়াইছিল। ১৮৬৪-৬৫ চনত ব্ৰিটিছ চৰকাৰে ১০ লাখ টকাৰ মাটিৰ খাজনা সংগ্ৰহ কৰিছিল, কিন্তু ১৮৭২-৭৩ চনত এই পৰিমাণ ২১ লাখ টকালৈ হৈছিল। এই বৰ্ধিত খাজানাৰ বাবে অসমৰ দৰং আৰু কামৰূপ জিলাৰ কৃষকসকলৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্য আছিল। দৰং আৰু কামৰূপ জিলাৰ বাহিৰেও লখিমপুৰ জিলাৰ কৃষকেও ইয়াৰ প্ৰতিবাদ কৰিছিল। বহুতে নিজৰ মাটিৰ মালিকিত্ব এৰি দিছিল। যেতিয়া নিজৰ নামত মাটিয়েই নাথাকিব, তেতিয়া খাজানাও দিব নালাগে। খাজনাৰ হাৰ ইমান বেছি হৈ পৰিছিল যে বহুতে নিজৰ ভেটি মাটি পৰ্যন্ত এৰি দিছিল। ব্ৰিটিছৰ শোষণৰ বিৰুদ্ধে লখিমপুৰৰ কৃষক ৰাইজৰ এই ত্যাগ স্মৰণীয়। ব্ৰিটিছৰ শোষণে অসমৰ ৰাইজৰ অৱস্থা নোহোৱা কৰি দিছিল। বিভিন্ন ঠাইত ইয়াৰ প্ৰতিবাদত ৰাইজমেলবোৰ হ’বলৈ ধৰিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে ৰাইজমেলসমূহ বন্ধ কৰিবলৈ ধৰিলে। ৰাইজমেল পতা নিষিদ্ধ কৰিছিল। যাৰ বাবে আগতে মুকলি পথাৰত বহা এই ৰাইজমেলসমূহ লাহে লাহে নামঘৰ, মছজিদ আদিত বহিবলৈ ধৰিলে ইংৰাজসকলে গম নোপোৱাকৈ।
সেয়া ১৮৮৬ চনৰ কথা আছিল। ব্ৰিটিছ চৰকাৰে এটা মাৰাত্মক সিদ্ধান্ত লৈছিল। চৰকাৰে এটা নতুন নিয়ম আনিছিল… অসম ভূমি ৰাজহ নিধি.. Assam Land and Revenue Regulation Act.. এই নিধি অনুসৰি প্ৰত্যেক ১০ বছৰৰ মূৰে মূৰে মাটিৰ খাজনা বৃদ্ধি কৰা হ’ব। আৰু এই ভূমি ৰাজহ নিধিৰ দ্বাৰা খাজনা বৃদ্ধিৰ সিদ্ধান্তটো কাৰ্যকৰী কৰা হৈছিল ১৮৯৩ চনৰ ডিচেম্বৰ মাহত। লগে লগে সাধাৰণ কৃষক ৰাইজ জংঘোৰ খাই উঠিল। কৃষক ৰাইজে চৰকাৰক অনুৰোধ কৰিছিল এই সিদ্ধান্ত বাতিল কৰিবলৈ। কাৰণ আগৰে পৰা যি খাজনাৰ পৰিমাণ আছিল, সেয়াই দুখীয়া অসমৰ কৃষকসকলে কোনোমতেহে দিব পাৰিছিল। এতিয়া প্ৰতি দহ বছৰৰ মূৰে মূৰে যদি খাজনা বাঢ়ি গৈ থাকে, সেয়া কোনো প্ৰকাৰে ৰাইজে দিব নোৱাৰিব। সাধাৰণ ৰাইজে লিখিত ৰূপত ব্ৰিটিছ চৰকাৰৰ এই শোষণমূলক সিদ্ধান্ত বাতিল কৰিবলৈ আবেদন কৰিছিল। এখন দুখন নহয়… ১৬ হাজাৰতকৈও অধিক আবেদন দিছিল চৰকাৰৰ ওচৰত। কিন্তু চৰকাৰে এই আবেদন নাকচ কৰিলে আৰু নিজৰ সিদ্ধান্তত অটল থাকিল। লগে লগে অসমৰ চুক-কোণত পুনৰ ৰাইজমেল বহিবলৈ ধৰিলে। দৰং জিলাৰ পাঠৰুঘাট, কামৰূপ জিলাৰ ৰঙিয়া, লাচিমা, বৰপেটা আদি নানা ঠাইৰ কৃষক ৰাইজ ওলাই আহিল ৰাইজমেলসমূহলৈ… ৰাইজমেলত এইটো সিদ্ধান্ত হ’ল যে এতিয়াৰ পৰা কোনেও চৰকাৰক মাটিৰ খাজনা নিদিয়ে… আৰু যিয়ে ৰাইজমেলৰ এই সিদ্ধান্ত নমনাৱে, তেওঁলোকক সমাজচ্যুত কৰা হ’ব… লগতে খাজনা নিদিয়াৰ বাবে যদি কোনো লোকৰ মাটি চৰকাৰে যব্দ কৰি নিলাম কৰে, তেন্তে সেই নিলাম কৰা মাটিও কোনেও ল’ব নোৱাৰিব… কৃষক ৰাইজৰ বিদ্ৰোহ কেৱল ইংৰাজ শাসনৰ বিৰুদ্ধেই নাছিল, অসমৰ সাধাৰণ ৰাইজক টকা ধাৰ দি সুত খোৱা মাৰোৱাৰী মহাজন শ্ৰেণীৰ লোকসকলৰ বিৰুদ্ধেও আছিল।
ৰঙিয়াৰ কৃষক বিদ্ৰোহ
সেইদিনাখন আছিল দেওবাৰ… ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ ২৪ তাৰিখ… কামৰূপ জিলাৰ ৰঙিয়াৰ ওচৰৰ বেলগাঁৱত এখন ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল… এই ৰাইজমেলতো কোনো ধৰণৰ খাজনা নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছিল.. ৰাইজমেল শেষ হোৱাৰ পিছত যেতিয়া মানুহবোৰ নিজ নিজ ঘৰলৈ উভতি যাবলৈ আহিছিল, তেনেকুৱা সময়তেই এদল উত্তেজিত ৰাইজে ৰঙিয়া বজাৰত লুটপাত কৰিবলৈ ধৰিলে আৰু এজন সুতত পইচা ধাৰলৈ দিয়া মাৰোৱাৰী মহাজনক আক্ৰমণ কৰি তেওঁৰ ওচৰত থকা নথি-পত্ৰ নষ্ট কৰিলে.. ইয়াৰ ছয় দিন পিছত, ৩০ ডিচেম্বৰৰ দিনা সন্ধিয়া সময়ত পুনৰ এহাজাৰ মান মানুহৰ এটা দলে ৰঙিয়া বজাৰত লুটপাত কৰিছিল… এই লোকসকলে মাটিৰ খাজনা যদি নকমায়, তেতিয়া হলে থানা, দোকানঘৰ আৰু চৰকাৰী ঘৰসমূহত অগ্নি সংযোগ কৰাৰ ভাবুকি দিছিল… ইয়াৰ উপৰিও তামোলপুৰৰ তহচিলদাৰ ৰাধাৰাম বৰুৱাক উত্তেজিত ৰাইজে অপমান কৰিছিল আৰু ভাবুকি দিছিল। এই ঘটনাবোৰ আৰক্ষী প্ৰশাসনে নিয়ন্ত্ৰণ কৰাৰ ব্যৰ্থ হৈছিল.. সেই সময়ত কামৰূপৰ উপায়ুক্ত আছিল মেক কেবে.. মেক কেবে এদল অতিৰিক্ত আৰক্ষী নিয়োজিত কৰিলে এই বিদ্ৰোহ ৰোধ কৰিবৰ বাবে…
এই ঘটনাৰ এ সপ্তাহ পিছত ৮ জানুৱাৰীৰ দিনা ৰঙিয়াৰ ওচৰত এখন ৰাইজমেল অনুষ্ঠিত হৈছিল, যত উপায়ুক্তৰ ওচৰত গৈ লিখিত ৰূপত আবেদন দিয়াৰ কথা আলোচনা হৈছিল। কিন্তু ঘটনাস্থলত পুলিচ উপস্থিত হ’ল আৰু ১৫ জন কৃষকক গেপ্তাৰ কৰিলে। তাৰ দুদিন পিছত প্ৰায় ৩০০০ ৰাইজ ৰঙিয়া থানাৰ ওচৰত গোট খালে। এই একত্ৰিত হোৱা ৰাইজে উপায়ুক্ত মেক কেবে চাহাবক খাজনা কমাবলৈ আৰু গেপ্তাৰ কৰা কৃষকসকলক মুকলি কৰি দিবলৈ বুলি আবেদন কৰিবলৈ আহিছিল। কিন্তু উপায়ুক্তই মানুহবোৰক আতৰি যাবলৈ আদেশ দিয়াৰ পিছতো কোনো মানুহ আতৰি যোৱা নাছিল। লাহে লাহে থানাৰ ওচৰত মানুহৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিলে। উত্তেজিত ৰাইজে জোৰকৈ থানাত ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত উপায়ুক্তই গুলীচালনাৰ নিৰ্দেশ দিলে। পুলিচৰ গুলীচালনাৰ ফলত মানুহবোৰ আতৰি যাবলৈ বাধ্য হ’ল। মানুহৰ মুখে মুখে শুনা গৈছিল এই গুলীচালনাত বহু কৃষকৰ মৃত্যু হৈছিল, কিন্তু ব্ৰিটিছ চৰকাৰৰ তথ্য মতে কোনো লোকৰ মৃত্যু হোৱা নাছিল এই ঘটনাত। ১০ জানুৱাৰীৰ দিনাই উপায়ুক্ত মেক কেবে চাহাবে এখন জাননী জাৰি কৰিছিল আৰু চৰকাৰী প্ৰশাসনৰ অনুমতি অবিহনে কোনো ধৰণৰ মেল পাতিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল। তাৰোপৰি কৃষকসকলৰ মাজৰ পৰাই নেতৃত্ব দিয়া বহু লোকক আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি দি খাজনা সংগ্ৰহ কৰাৰ দায়িত্ব তেওঁলোকৰ হাতত দিছিল। এনেদৰে চতুৰ ব্ৰিটিছ চাহাবে ৰঙিয়াৰ কৃষক বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল।
লাচিমাৰ কৃষক বিদ্ৰোহ
ৰঙিয়াৰ বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজসকল সফল হ’ল যদিও এই বিদ্ৰোহৰ জুই কিন্তু ইয়াৰ ওচৰৰ পৰা বাকী অঞ্চললৈ বিয়পি গৈছিল। বৰমা, বজালি, লাচিমা আদি ঠাইৰ ৰাইজমেলত বহু হাজাৰ লোকৰ সমাবেশ হৈছিল। সেইদিনা আছিল ১৮৯৪ চনৰ ২১ জানুৱাৰী। সৰুক্ষেত্ৰি মৌজাৰ লাচিমাৰ ওচৰত এখন গাঁৱৰ নাম আছিল কাপ্লা। খাজনা সংগ্ৰহৰ বাবে মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰ কাপ্লা গাঁৱলৈ আহিছিল। কিন্তু গাঁৱৰ ৰাইজে খাজনা দিবলৈ অমান্তি হৈছিল আৰু উত্তেজিত হৈ কিছু লোকে মৌজাদাৰ আৰু মণ্ডলক বেয়াকৈ মাৰপিট কৰিলে। ঘটনাস্থলিৰ পৰা মৌজাদাৰ আৰু মণ্ডলে কোনোমতে প্ৰাণ বচাই পলাই আহিল যদিও দুয়ো বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। আঘাতৰ বাবে কিছুদিন পিছত মৌজাদাৰ দাসোৰাম চৌধুৰীৰ মৃত্যু হ’ল।
বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ঘটনাস্থলিত উপস্থিত হৈ ৭৫ জন লোকক আটক কৰি লাচিমাৰ জিৰিনি শিবিৰলৈ লৈ গ’ল। যেতিয়া গাঁৱৰ মানুহে এই খবৰ পালে, প্ৰায় ৩০০০ মান লোকে আহি লাচিমাৰ শিবিৰ ঘেৰাও কৰি জলাই দিয়াৰ ভাবুকি দিয়াত আটক কৰা লোকসকলক এৰি দিবলৈ বাধ্য হ’ল। তাৰ পিছদিনা কামৰূপৰ উপায়ুক্ত মেক কেবে চাহাবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেন্টৰ লোকক লগত লৈ লাচিমাত উপস্থিত হ’ল আৰু ৫৯ জন বিদ্ৰোহী কৃষকক গেপ্তাৰ কৰি অস্থায়ী জেইলত ভৰাই থ’লে। আটক কৰা লোকসকলৰ মাজত গাঁওবুঢ়া, গোহাঁই আদি সমাজৰ মুখিয়াল লোকো আছিল।
চাৰিওপিনে এই খবৰ বিয়পি পৰিল আৰু লাহে লাহে মানুহ গোট খাবলৈ আৰম্ভ কৰিলে। ২৫ জানুৱাৰীৰ আবেলিলৈ প্ৰায় ৬০০০ মান মানুহ গোট খালে। এই ৬০০০ মানুহে স্বাক্ষৰ কৰা এখন আবেদন উপায়ুক্তৰ শিবিৰত দাখিল কৰিলে। আবেদনখনত বন্দী কৰা লোকসকলক মুক্তি আৰু খাজনা বৃদ্ধি নকৰিবলৈ দাবী কৰা হৈছিল। কিন্তু উপায়ুক্ত মেক কেবেচাহাবে এই আবেদনৰ সঁহাৰি নজনালে, বৰঞ্চ তেওঁ পুলিচক মানুহবোৰক আঁতৰাই পঠিয়াবলৈ হুকুম দিলে আৰু গুলীচালনাৰ আদেশ দিলে। যাৰ ফলত ৰাইজো তাৰ পৰা আঁতৰিবলৈ বাধ্য হ’ল।
ইমানতে ক্ষান্ত নহৈ মেক কেবেচাহাবে আৰু এক চৰম লজ্জাজনক কাম কৰিলে। ৰাইজে যাতে আৰু বিদ্ৰোহ কৰিবলৈ সাহস নকৰে, সেইবাবে তেওঁ বন্দী কৰা লোকসকলক হাল বাওঁতে যেনেকৈ নাঙল-জুৱলিৰ লগত গৰু বান্ধি দিয়ে, তেনেদৰে বন্দী কৰা মানুহক বান্ধি হাল বোৱাইছিল। অসমৰ মাটিত অসমীয়া কৃষকক কৰা এই অপমান বৰ্তমানৰ যুগত অকল্পনীয়।
পথৰুঘাটৰ ৰণ
ৰঙিয়া আৰু লাচিমাৰ বিদ্ৰোহ ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও অসমীয়া কৃষকৰ মনৰ পৰা বিদ্ৰোহৰ জুই আঁতৰাবলৈ সক্ষম হোৱা নাছিল। ১৮৯৪ চনৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰাই দৰং জিলাৰ কলাইগাঁও, মঙলদৈ, চিপাঝাৰ, পথৰুঘাট আদি অঞ্চলৰ কৃষকসকলে ঠায়ে ঠায়ে ৰাইজমেল পাতি খাজনা বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰিছিল আৰু খাজনা সংগ্ৰহৰ বাবে অহা ব্ৰিটিছ বিষয়াসকলক বাধা দিছিল।
নিজ নিজ অঞ্চলত ৰাইজমেল পতাৰ পিছত এই ঠাইবোৰৰ হাজাৰ হাজাৰ ৰাইজ এইবাৰ পাঠৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ এখন তিনিদিনীয়া বৃহৎ ৰাইজমেলৰ আয়োজন কৰিছিল। কিন্তু এই কথাৰ খবৰ পাই দৰং জিলাৰ জিলাধিপতি জে. ডি. এণ্ডাৰছনে ২৭ জানুৱাৰীৰ দিনা এটা সামৰিক বাহিনী আৰু আৰক্ষী অধীক্ষক জে. আৰ. বেৰিংটনৰ সৈতে পথৰুঘাট পালেহি। তেওঁলোকৰ উদ্দেশ্য আছিল এই সমাবেশ ৰোধ কৰা।
ইফালে জিলাধিপতি অহাৰ খবৰ পাই কৃষক ৰাইজ তেওঁ থকা বাংলোটোলৈ আহিল। সকলোৰে এটাই কথা যে জিলাধিপতি জে. ডি. এণ্ডাৰছনক লগ কৰি তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা বুজাব, যাতে এণ্ডাৰছনে দুখীয়া কৃষক ৰাইজৰ সমস্যা বুজি খাজনা বৃদ্ধি নকৰে। কিন্তু পুলিচে ৰাইজক বাংলোটোৰ ওচৰলৈ যাব নিদিয়াত সকলো মানুহ কিছুদূৰৈত ৰৈ অপেক্ষা কৰি থাকিল, এই আশাত যে জিলাধিপতি এণ্ডাৰছন চাহাবে তেওঁলোকক লগ দিয়েই কিজানি।
জিলাধিপতিয়ে ৰাইজৰ দুখ বুজাৰ পৰিৱৰ্তে আৰক্ষী অধীক্ষক বেৰিংটনক সেই অঞ্চলৰ খাজনা আদায় নিদিয়া লোকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ পঠিয়ালে। গাঁৱৰ মানুহৰ বেছিভাগেই সেই সময়ত বাংলোৰ ওচৰত আছিল। গাঁৱত কেৱল সৰু ল’ৰা-ছোৱালী, মহিলা আৰু বুঢ়া মানুহহে আছিল। বেৰিংটনে পুলিচৰ লগত গৈ মানুহবোৰৰ সা-সম্পত্তি জব্দ কৰিবলৈ ধৰিলে। কিন্তু ২০০ মান পুৰুষ-মহিলাই যেতিয়া বেৰিংটনক আগুৰি ধৰিলে, তেওঁ কোনোমতে নিজকে বচাই জিলাধিপতি থকা বাংলোটো পালেগৈ।
কেইঘণ্টামান পিছত যেতিয়া মানুহবোৰে এই কথা গম পালে, সকলোৰে খং উঠিল। তেওঁলোকে শান্তিপূৰ্ণভাৱে কথা পাতিবলৈ আহিছিল, কিন্তু জিলাধিপতিয়ে তেওঁলোকৰ দুখৰ কথা শুনাৰ সলনি পুলিচ লগাই সা-সম্পত্তি বাজেয়াপ্ত কৰিবলৈহে পঠিয়ালে। সকলো মানুহ লাহে লাহে বাংলোটোৰ ওচৰ চাপি যাবলৈ ধৰিলে। এণ্ডাৰছনে যিকোনো প্ৰকাৰে মানুহবোৰক আঁতৰাই পঠিয়াবলৈ ক’লে। আৰু পুলিচৰ দলটোৱে মানুহবোৰক শক্তি প্ৰয়োগ কৰি আঁতৰাবলৈ চেষ্টা কৰিলে। এই কথাত ৰাইজ আৰু উত্তেজিত হৈ পৰিল আৰু পুলিচৰ দলটোলৈ আৰু জিলাধিপতিৰ ঘৰলৈ শিল, মাটিৰ চপৰা আদি যি পাই সেইয়াই দলি মাৰিবলৈ ধৰিলে।
পৰিস্থিতি আৰু বেছি বেয়ালৈ যাবলৈ ধৰাত এণ্ডাৰছনে আৰক্ষী অধীক্ষক বেৰিংটনক গুলী চলাবলৈ নিৰ্দেশ দিলে। ইয়াৰ ফলত ১৪০ জন কৃষকৰ কৰুণ মৃত্যু হ’ল আৰু ১৫০ জন লোক বেয়াকৈ আহত হ’ল। আৰু তাতকৈও দুখলগা কথাটো আছিল যে কোনো এজন লোকৰ মৃতদেহ পৰিয়ালৰ লোকে নিব নোৱাৰিলে। ৰাইজমেল হোৱা ঠাইৰ ওচৰৰ পুখুৰী এটাত এই আটাইবোৰ লোকৰ মৃতদেহ পেলাই দিলে আৰু পুখুৰীটো পুতি পেলালে।
কিমান নিষ্ঠুৰ আছিল এই ঘটনা! আৰু চৰকাৰী হিচাপত দেখুৱালে কেৱল ১৫ জন লোকৰহে মৃত্যু হোৱা বুলি। ব্ৰিটিছৰ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে নিজৰ জীবন আহুতি দিয়া এই ১৪০ জন নিৰীহ কৃষকৰ নাম ইতিহাসৰ পৃষ্ঠাত কৰবাত হেৰাই গ’ল যদিও অসম আৰু অসমীয়াৰ হৃদয়ত পথৰুঘাটৰ এই কৰুণ কাহিনী চিৰকালৰ বাবে থাকি যাব।
The Previous Year’s APSC Question Paper
Moreover, your support has been invaluable to us. We are grateful for your continued support…
Follow us on